মধ্যপ্ৰদেশৰ জবলপুৰত চাঞ্চল্যকৰ ঘটনা

পাৰিবাৰিক কন্দলৰ বাবে নি:শেষ হৈ গ'ল এটা পৰিয়াল

নেচনেল ডেস্ক:

ধ্যপ্ৰদেশৰ জবলপুৰত চাঞ্চল্যকৰ ঘটনা । পাৰিবাৰিক কন্দলৰ বাবে নি:শেষ হৈ গ’ল এটা পৰিয়াল।ঘটনাটো সংঘটিত হৈছে জবলপুৰৰ চাৰ্গাৱন থানা এলেকাৰ অন্তৰ্গত বিজনা গাঁৱত ।

জানিব পৰা মতে, এহাল দম্পতীয়ে ইজনে সিজনৰ লগত কাজিয়া কৰি প্ৰথমে আঠমহীয়া ছোৱালীজনীক ফাঁচী দি হত্যা কৰি পিছত নিজেও ফাঁচী লৈ আত্মহত্যা কৰে । শুকুৰবাৰে পুৱা এই খবৰ লাভ কৰাৰ পিছতে জবলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আত্মহত্যাকাৰী দম্পতী অখিলেশ যাদৱ, পত্নী অঞ্জনা যাদৱ আৰু তেওঁলোকৰ আঠ মহীয়া কন্যা আৰাধ্যা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, সৰু সৰু কথাত স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু এই কাজিয়াৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.