জনপ্ৰিয় কোৰিয়ান পপ তাৰকা মুনবিনৰ আকস্মিক মৃত্যু!

মুনবিনৰ আকস্মিক মৃত্যুৰ বাতৰিত হতচকিত বিশ্ব!

ইন্টাৰনেচনেল ডেস্কঃ

নপ্ৰিয় কোৰিয়ান পপ তাৰকা (K-pop) মুনবিনৰ আকস্মিক মৃত্যুৰ বাতৰিত হতচকিত বিশ্ব! বাসগৃহৰ পৰাই মৃত অৱস্থাত উদ্ধাৰ তাৰকাগৰাকীক। মাত্ৰ ২৫ বছৰ বয়সতে স্তব্ধ হৈ পৰিল জনপ্ৰিয় কোৰিয়ান পপ(K-pop) তাৰকা মুনবিনৰ জীৱন। নিজ বাসগৃহৰ পৰাই উদ্ধাৰ কৰা হ’ল মুনবিনৰ মৃতদেহ৷ জনপ্ৰিয় বয় বেণ্ড এষ্ট্ৰ’ৰ সদস্য আছিল মুনবিন।

বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত থকা নিজৰ গ্যাংনাম-গুৰ ফ্লেটৰ পৰাই উদ্ধাৰ হয় সংগীত তাৰকাজনৰ মৃতদেহ।এই ঘটনাক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

১৯ এপ্ৰিলৰ নিশা ৮.১০ বজাত উদ্ধাৰ কৰা হৈছিল মুনবিনৰ মৃতদেহ ৷ অতি কম বয়সতে জনপ্ৰিয়তাৰ শিখৰত উঠা শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বিশ্বব্যাপী থকা তেওঁৰ অগনন অনুৰাগী।

You might also like
Leave A Reply

Your email address will not be published.