ৰাজস্থানৰ কৰৌলিত শোকাৱহ ঘটনা!

নেচনেল ডেস্ক:

ৰাজস্থানৰ কৰৌলিত শোকাৱহ ঘটনা। একেটা পৰিয়ালৰে তিনিটি শিশু আৰু মহিলাসহ মুঠ ৬ গৰাকী সদস্যৰ মৃত্যু । আনহাতে দুৰ্ঘটনাটোত আহত হয় আন কেইবাটিও শিশুৰ লগতে মহিলা। এই কৰুণ ঘটনাটো সংঘটিত হৈছে জিলাখনৰ ছিমিৰ গাঁও পঞ্চায়তত । দীপাৱলীৰ পূৰ্বে পৰিয়ালৰ লোকে ঘৰৰ দেৱালত ৰং কৰিবলৈ মাটি খান্দিবলৈ ওলাই গৈছিল। মহিলা আৰু শিশুকেইটাই ১০ ফুটতকৈ অধিক গভীৰতালৈ মাটি খান্দি থকা অৱস্থাতে তেওঁলোকৰ ওপৰত বালিৰ দ’ম বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ভূক্তভোগীসকলৰ কান্দোন শুনি স্থানীয় লোক আৰু ওচৰৰ গাওঁবাসীয়ে ততাতৈয়াকৈ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।।

You might also like
Leave A Reply

Your email address will not be published.