আজি ১৩ জুন

▶️১২৯০ চনৰ আজিৰ দিনটোতেই পঞ্জাৱৰ শাসক জালালুদ্দিন খলজিৰ দিল্লী দখল। দাস বংশৰ অৱসান আৰু খলজিৰ বংশৰ ৰজত্বৰ সূচনা।
▶️১৭৫৭ চনৰ আজিৰ দিনটোতেই ১,০০০ ইউৰোপীয় সেনা,২০০০ ভাৰতীয় সেনা আৰু আঠটা কামান লৈ ৰবাৰ্ট ক্লাইভৰ ছিৰাজুদৌলাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ মুৰ্ছিদাবাদলৈ যাত্ৰা।
▶️১৭৭৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হৈছিল।
▶️১৮৬৫ চনৰ আজিৰ দিনটোতেই আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম হৈছিল।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কলংকিত নায়ক মাইকেল অ’ ডায়াৰক হত্যাৰ অভিযোগত উধম সিঙক লণ্ডনত ফাঁচি।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাপানলৈ যাত্ৰা।তাত তেওঁ আজাদ হিন্দ ফৌজত যোগ দিয়ে আৰু এই বছৰৰে ২৫ আগষ্টত সংগঠনটোৰ সৰ্বাধিনায়ক হয়গৈ।।

You might also like
Leave A Reply

Your email address will not be published.