➡️১৭৮৪ ইংৰাজ ভাষাতত্ত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ মৃত্যু।
➡️১৯২৫ সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু।
➡️২০০১ ভাৰতীয় সংসদত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সাতজন নিৰাপত্তাৰক্ষীকে ধৰি পাঁচজন সন্ত্ৰাসবাদী আৰু এজন বাগিচা কৰ্মী নিহত, ২৬ জন লোক আহত।
➡️২০০৩ যশ চোপ্ৰালৈ দাদা চাহেব ফাল্কে বঁটা।
➡️১৯৯২ ইণ্ডোনেছিয়াত হোৱা এক ভূমিকম্পত ২,৫০০ লোকৰ মৃত্যু।
➡️২০০০ জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।
➡️১৯৬২ বিশ্বৰ প্ৰথমটো ‘ৰিলে’ উপগ্ৰহ উৎক্ষেপণ। উপগ্ৰহটোৱে টেলিভিছন, টেলিফোন, টেলিপ্ৰিন্টাৰ, ফ্ৰেক্স আৰু অন্যান্য সংকেত আমেৰিকা, ইউৰোপ আৰু ব্ৰাজিলৰ মাজত প্ৰেৰণ কৰে।
➡️১৯৯০ ভাৰত চৰকাৰৰ অত্যাৱশকীয় পণ্য সৰবৰাহ আইন প্ৰত্যাহাৰ। ১৯৮১ চনত ইন্দিৰা গান্ধীৰ আমোলত এই আইন ভাৰতত জাৰি কৰা হৈছিল।
➡️১৯৮১ পোলেণ্ডত সামৰিক বাহিনী ক্ষমতা দখল।
➡️১৯৯৩ ৰাছিয়াত নতুন সংবিধানৰ বাবে হোৱা গণভোটত বৰিছ য়েল্টছিন জয়ী।
➡️১৯৮৯ অপহৃত ডাঃ ৰুবিয়া ছয়ীদৰ মুক্তি।
➡️১৯২৮ কবি-সমালোচক জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ডিচেম্বৰ
Prev Post
Next Post
You might also like