আজি ১৪ জুলাই

▶️আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৭৮৯ চনৰ আজিৰ দিনটোতেই ফৰাচী বিপ্লৱৰ সূচনা।ফৰাচী জনতাৰ বাস্তিল দূৰ্গ অধিকাৰ।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গভেনৰ ছুইডেনত জন্ম।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গ্ৰহণ।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ ৰসায়নবিদ ছাৰ জিঅ’ফ্ৰে উইলকিনছনৰ জন্ম। ১৯৭৩ চনত তেঁও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৪ চনৰ এই দিনটোতেই নোবেল জয়ী স্পেনিছ নাট্যকাৰ জে বেনাভেন্টৰ মৃত্যু।১৯২২ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই তেলেগু কবি শ্ৰীৰংগম শ্ৰীনিৱাস ৰাওৰ ৭৩ বছৰ বয়সত মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আগ্ৰা শীৰ্ষ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ ভাৰত আগমন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই নেপালৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত ১৬০ জন মাওবাদী নিহত।
▶️২০০২ চনৰ এই দিনটোতেই কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.