আজি ১৬ মে’

▶️১৭৬৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ ভাষাতত্ববিদ, কবি,সমালোচক ছেমুৱেল জনছনৰ লগত জেমছ বছৱেলৰ লণ্ডনত প্ৰথম সাক্ষাৎ।জেমছে পাছত জনছনৰ জীৱনী গ্ৰন্থ ‘লাইফ অৱ ছেমুৱেল জনছন’ লিখি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছিল।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই কলকাতাত এছিয়াৰ বৃহত্তম জলধাৰা ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ।
▶️১৯২৯ চনৰ এই দিনটোতেই প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই জাৰ্মানীত নাজী বাহিনীৰ অৱলুপ্তি ঘোষণা।
▶️১৯৬০ চনৰ এই দিনটোতেই ভাৰত আৰু ব্ৰিটেইনৰ মাজত আন্তৰ্জাতিক টেলেক্স সেৱা মুকলি।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই টেনিছ খেলুৱৈ গেব্ৰিয়ালা ছাবাটিনীৰ জন্ম হৈছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই ছিকিমক ভাৰতৰ ২২ সংখ্যক অংগৰাজ্য ৰূপে স্বীকৃতি।ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক গৃহীত হয়।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই জাপানৰ জানকো টাবেইৰ এভাৰেষ্ট বিজয়।এভাৰেষ্টত আৰোহন কৰা এৱেঁই প্ৰথম মহিলা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ইন-পাকিস্তান’ ঘোষণা কৰিছিল তদানীন্তন পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতত ৬‐১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বি বি টেণ্ডনক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.