আজি ১৭ আগষ্ট

▶️১৭৬১ চনৰ আজিৰ দিনটোতেই ভাৰতত বসবাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হৈছিল।
▶️১৭৮৬ চনৰ আজিৰ দিনটোতেই প্ৰুছিয়াৰ ৰজা দ্বিতীয় ফ্ৰেডৰিক বা ফ্ৰেডৰিক দি গ্ৰেটৰ মৃত্যু হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভাৰতৰ স্বাধীনতাৰ পাছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়নৰ স্বদেশ অভিমুখে যাত্ৰা।
▶️১৯৬০ চনৰ এই দিনটোতেই আফ্ৰিকাৰ দেশ গেবনৰ স্বাধীনতা লাভ।
▶️১৯৮৮ চনৰ এই দিনটোতেই বিমান দুৰ্ঘটনাত পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই তুৰস্কত প্ৰচণ্ড ভূমিকম্পত ১২ হেজাৰ লোক নিহত হোৱাৰ লগতে ৬ লাখ লোক গৃহহীন হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমৰ ঠায়ে ঠায়ে বুট-মগু খাই সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বুট-মগুৰ বিক্ৰী বন্ধ কৰা হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই নোবেল জয়ী সাহিত্যিক বিদিয়াধৰ সূৰজপ্ৰসাদ নাইপলৰ জন্ম হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ১৬ বছৰৰ বিৰতিৰ মূৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকাৰ বিজয় সাব্যস্ত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰমোদ মহাজনৰ দ্বাৰা এক সামূহিক তথ্য কেন্দ্ৰ মুকলি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই পাকিস্তানী ছবি ‘খামোচ পানী’ত কৰা অভিনয়ৰ বাবে কিৰণ খেৰৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ।।

You might also like
Leave A Reply

Your email address will not be published.