আজি ১৭ জানুৱাৰী

▶️আজি শিল্পী দিৱস।
▶️১৭০৬ চনৰ এই দিনটোতেই মাৰ্কিন ৰাজনীতিবিদ, বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ জন্ম হৈছিল।
▶️১৭৭৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ এন্টাৰ্কটিকা তথা দক্ষিণ মেৰু আৱিষ্কাৰৰ অভিযান। কুমেৰু বৃত্ত(Ant arctic Circle) অতিক্ৰম কৰা তেঁৱেই আছিল প্ৰথম অভিযাত্ৰী।
▶️১৯৪২ চনৰ এই দিনটোতেই প্ৰখ্যাত বক্সাৰ মহম্মদ আলীৰ জন্ম হৈছিল।
▶️১৯৫১ চনৰ এই দিনটোতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই কংগোৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পেট্ৰিছ লুমুম্বাৰ মৃত্যু হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত অসমৰ প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ’ ‘জ্যোতি চিত্ৰবন’ মুকলি কৰা হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।মাৰ্কিন টেলিভিছন CNNৰ দ্বাৰা যুদ্ধক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট মুকলি।
▶️২০০৪ চনৰ এই দিনটোতেই ‘হেল’ মেগাজিন ডট কম’ নামৰ সংস্থা এটাই চলোৱা সমীক্ষাত ঐশ্বৰ্য্য ৰায় বিশ্বৰ সবাতোকৈ মোহময়ী মহিলা ৰূপে পৰিগণিত হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই কৰ্ণেল জে কে বাজাজৰ দক্ষিণ মেৰু বিন্দুত পদাৰ্পণ। দক্ষিণ মেৰুত পদাৰ্পণ কৰা তেঁৱেই প্ৰথম ভাৰতীয়।।

You might also like
Leave A Reply

Your email address will not be published.