▶️আজি বনভোজ দিৱস।
▶️১০৩৭ চনৰ আজিৰ দিনটোতেই পাৰস্যৰ চিকিৎসক ইবন ছিনাৰ মৃত্যু হৈছিল। ‘কেনন অব মেডিচিন’ তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।ইউৰোপত ইবন ছিনা ‘এভিচীনা’ নামে পৰিচিত।
▶️১৫৭৬ চনৰ এই দিনটোতেই মোগলৰ বিৰুদ্ধে হলদিঘাটত ৰাজপুতৰ প্ৰচণ্ড যুদ্ধ। ৰাজপুত ৰজা ৰাণা প্ৰতাপ সিংহৰ পৰাজয়।উল্লেখ্য যে এই যুদ্ধত ৰাজপুত বাহিনীৰ নেতৃত্ব লৈছিল সেনাপতি হাকিম খান ছুৰ নামৰ এজন মুছলমান সেনাপতিয়ে,যি যুদ্ধক্ষেত্ৰত ৰাণা প্ৰতাপ সিংহক ৰক্ষা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়ে।আনহাতে আকবৰৰ মোগল বাহিনীৰ নেতৃত্ব দিছিল এজন হিন্দু ৰাজপুত সেনাপতি মান সিঙে।
▶️১৮১৫ চনৰ আজিৰ দিনটোতেই বিখ্যাত ‘বাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত আৰু বন্দী।
▶️১৮৫৮ চনত চিপাহী বিদ্ৰোহত ইংৰাজৰ সৈতে হোৱা সংঘৰ্ষত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ মৃত্যু হৈছিল।
▶️১৯৩৬ চনৰ এই দিনটোতেই ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ (প্ৰকৃত নাম এলেক্সি মেক্সিম’ভিচ পেছকভ) মৃত্যু।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ।
▶️১৯৫৬ চনৰ এই দিনটোতেই হিন্দু উত্তৰাধিকাৰী আইন গৃহীত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দশম লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ (ই) একক সংখ্যাগৰিষ্ঠ দল ৰূপে পৰিগণিত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই অভিনেত্ৰী নাছিম বানুৰ (অভিনেত্ৰী চায়েৰা বানুৰ মাতৃ) ৮১ বছৰ বয়সত মৃত্যু।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৮ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like