যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত এইবাৰ বানৰ তাণ্ডৱ!

নোভা কাখভকা বান্ধ ভাঙি সৃষ্টি হোৱা বানপানীত ১৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ৩১ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত এইবাৰ বানৰ তাণ্ডৱ! নোভা কাখভকা বান্ধ ভাঙি সৃষ্টি হোৱা বানপানীত ১৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ৩১ গৰাকী লোক। খবৰটো সদৰি কৰে ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে। বানত কেইবাখনো গাঁৱৰ লগতে প্লাবিত হয় বিস্তৰ কৃষিভূমি। লগতে, বানপানীৰ ফলত ব্যাহত হয় লাখ লাখ লোকৰ বিদ্যুৎ আৰু বিশুদ্ধ পানীৰ যোগান। অবশ্যে ইচ্ছাকৃতভাৱে মথাউৰিটো লক্ষ্য কৰি লোৱা হৈছিল নে ইয়াৰ ভাঙি পৰাৰ আঁৰত গাঁথনিগত বিজুতি আছিল সেয়া স্পষ্ট নহয়।

আনহাতে, ইউক্ৰেইনৰ পৰিকল্পিত প্ৰত্যাক্ৰমণৰ পূৰ্বে ৰাছিয়াই বান্ধটো উৰুৱাই দিয়া বুলি অভিযোগ কৰে ইউক্ৰেইনে। ইয়াৰ বিপৰীতে ৰাছিয়াই ইউক্ৰেইনক ক্ৰিমিয়াক পানীৰ পৰা বঞ্চিত কৰিবলৈ বান্ধটোৰ গাঁথনিটোৰ ওপৰত আৰ্টিলাৰীৰে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে।

বানপানী হোৱা অঞ্চলৰ পৰা ৪৭৪টি শিশুসহ ৩৬১৪ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে বুলি ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। খেৰচন আৰু মাইকোলাইভ অঞ্চলত বানপানীত বুৰ গৈছে ১৩০০ ঘৰ।।

You might also like
Leave A Reply

Your email address will not be published.