উৎকট গৰমত দহিছে উত্তৰ প্ৰদেশ!

যোৱা তিনিদিনত উষ্ণতা বৃদ্ধি হোৱাৰ ফলত মৃত্যু ৫৪ গৰাকী লোকৰ

নেচনেল ডেস্ক:

ফালে নেৰানেপেৰা বৰষুণত স্তদ্ধ জনজীৱন, আনফালে উৎকট গৰমত দহিছে জীৱন।চাইক্ল’ন বিপৰ্যয়ৰ প্ৰভাৱত প্ৰায় সমগ্ৰ ভাৰততে বতাহ- বৰষুণ হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত উৎকট গৰমৰ বাবে প্ৰান হেৰুৱাবলগীয়া হৈছে অৰ্ধশতাধিক লোকে। উত্তৰ প্ৰদেশৰ বলিয়া জিলা চিকিৎসালয়ত যোৱা তিনিদিনত উষ্ণতা বৃদ্ধি হোৱাৰ ফলত ৫৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত ভৰ্তি হৈছে প্ৰায় ৪০০ গৰাকী লোক । যদিও মৃত্যুৰ বিভিন্ন কাৰণ আছে, তথাপিও তীব্ৰ উত্তাপ ইয়াৰ এটা কাৰক হ’ব পাৰে বুলি চিকিৎসকে জানিবলৈ দিয়ে। তীব্ৰ গৰমৰ বাবে বৃদ্ধি পাইছে চিকিৎসালয়ত ৰোগীৰ ভৰ্তিৰ সংখ্যা । তীব্ৰ গৰমৰ ঢৌৱে উত্তৰ প্ৰদেশক আগুৰি ধৰাৰ ফলত বেছিভাগ ঠাইতে হঠাৎ মৃত্যুৰ সংখ্যা বৃদ্ধিৰ লগতে জ্বৰ, উশাহ-নিশাহৰ কষ্ট আৰু অন্যান্য সমস্যাত আক্ৰান্ত ৰোগীৰে ভৰি পৰিছে চিকিৎসালয়।

You might also like
Leave A Reply

Your email address will not be published.