আজি ২০ ডিচেম্বৰ

➡️১৫৯০ আধুনিক শৈল্য চিকিৎসাৰ জনক ৰূপে অভিহিত প্ৰখ্যাত ফৰাচী চিকিৎসক আমৰায় পৰীৰ মৃত্যু।
➡️১৭৫৭ ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ।
➡️ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাসম্পন্ন গীত ‘বন্দে মাতৰম’ৰ ৰচনা। ৰচকঃ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। সুৰকাৰঃ যদুনাথ ভট্টাচাৰ্য।
➡️১৯০১ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা গোপালকৃষ্ণ গোখলে ভাৰতৰ গৱৰ্নৰ জেনেৰেল পৰিষদৰ অতিৰিক্ত সদস্য।
➡️১৯৫১ আমেৰিকা যুক্তৰাষ্ট্ৰই স্থাপন কৰা বিশ্বৰ প্ৰথমটো নিউক্লিয় শক্তি কেন্দ্ৰৰ বিদ্যুৎ উৎপাদন আৰম্ভ।
➡️১৯৬৮ মাৰ্কিন ঔপন্যাসিক জন ষ্টেইন বেকৰ মৃত্যু। ‘দা গ্ৰেপছ্ অব্ ৰেথ’ তেওঁৰ বিখ্যাত উপন্যাস। ১৯৬২ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৭১ জুলফিকৰ আলী ভূট্টো পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত।
➡️১৯৭১ অষ্ট্ৰিয়াৰ ডঃ কুৰ্ট ৱালহাম ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান। ১৯৮১ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭২ কুৰি শতিকাৰ শেষ চন্দ্ৰ অভিযান এপল’-১৭ৰ সফল সামৰণি। অভিযানলৈ যোৱা কেউজন মহাকাশচাৰীৰ নিৰাপদে পৃথিৱীত অৱতৰণ।
➡️ৰণসিংঘা প্ৰেমদাসা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত।
➡️২০০১ টেষ্ট ক্ৰিকেটত ভাৰতীয় স্পিনাৰ অনিল কুম্বলেৰ ৩০০ উইকেট দখল।
➡️২০০৫ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ তেওঁৰ ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাস আৰু বড়ো সাহিত্যিক মংগল সিং হাজোৱাৰীলৈ ‘জিউনি মৌগথাং বিসম্বি আৰৌ সৰোজ’ৰ বাবে ২০০৫ চনৰ সাহিত্য অকাডেমী বঁটা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.