আজি ২১ মে’

▶️আজি সন্ত্ৰাসবাদবিৰোধী দিৱস।
▶️৪২৮ খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই গ্ৰীক দাৰ্শনিক আৰু শিক্ষাবিদ প্লেটোৰ এথেন্সত জন্ম হৈছিল।
▶️১৬৮৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ জন্ম হৈছিল।
▶️১৮১৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ নিউয়ৰ্কত প্ৰথম বাইচাইকেলৰ প্ৰচলন।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই ৰাজনীতিবিদ চৈয়দ মহম্মদ ছাদুল্লাৰ গুৱাহাটীত জন্ম হৈছিল। ছাদুল্লাই ১৯৩৭ চনৰ পৰা ১৯৪১ চনলৈ অসমৰ মুখ্যমন্ত্ৰীৰূপে (তেতিয়াৰ প্ৰধানমন্ত্ৰী) কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯২২ চনৰ আজিৰ দিনটোতেই মাৰ্কিন নাট্যকাৰ ইউজিন অ’নিললৈ তেওঁৰ ‘আনা ক্ৰিষ্টি’ নাটকৰ বাবে পুলিৎজাৰ বঁটা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰৰ এখন নিৰ্বাচনী সভাত এগৰাকী আত্মঘাতী বোমাৰুৰ আক্ৰমণত ৰাজীৱ গান্ধীৰ মৃত্যু ঘটিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই মেনিলাত অনুষ্ঠিত বিশ্বসুন্দৰী প্ৰতিযোগিতাত ভাৰতৰ সুস্মিতা সেনৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ লাভ।।

 

You might also like
Leave A Reply

Your email address will not be published.