আজি ২৩ জুলাই

▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হৈছিল। ‘স্বৰাজ মোৰ জন্মস্বত্ব’ শীৰ্ষক বাণীৰ স্ৰষ্টাৰূপে তেওঁ বিখ্যাত।
▶️১৮৭৫ চনৰ এই দিনটোতেই ব্যৱসায়ীক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰা আইজাক মেৰিট ছিংগাৰৰ মৃত্যু হৈছিল।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম।
▶️১৯০৬ চনৰ এই দিনটোতেই ভাৰতৰ বিপ্লৱী,স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ জন্ম হৈছিল।
▶️১৯১৬ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী ছাৰ উইলিয়াম ৰেমছেৰ মৃত্যু।তেওঁ ১৯০৪ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৭ চনৰ এই দিনটোতেই মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ। বেচৰকাৰী খণ্ডত প্ৰতিষ্ঠিত এই কেন্দ্ৰ পৰিচালনা কৰা কোম্পানীটোৰ নাম আছিল ‘ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন’।
▶️১৯৩৪ চনৰ এই দিনটোতেই ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টীক বেআইনী ঘোষণা।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা গগৈৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে মেগাৱতী সুকৰ্ণপুত্ৰী বিজয়ী হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ইৰাকত মাৰ্কিন সেনাৰ আক্ৰমণত ছাদ্দাম হুছেইনৰ দুই পুত্ৰ উদয় আৰু কুছেৰ নিহত হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় কৌতুক অভিনেতা মেহমুদৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.