▶️আজি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।
▶️১৫৭৭ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰে আৱণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰিছিল। তেতিয়া ইয়াৰ নাম আছিল ৰামদাসপুৰ। ৰামদাসে ইয়াতে খন্দোৱা অমৃত সৰোবৰ নামৰ এটা সৰোবৰৰ পৰাই পাছত পঞ্চম শিখ গুৰু অৰ্জুন দেৱে চহৰখন অমৃতসৰ ৰূপে নামাকৰণ কৰে।২৪ অক্টোবৰৰ দিনটো অমৃতসৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে গ্ৰহণ কৰা হয়।
▶️১৬০১ চনৰ এই দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইকো ব্ৰাহেৰ মৃত্যু হৈছিল।
▶️১৬০৫ চনৰ এই দিনটোতেই চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ।
▶️১৬৩২ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী,অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক এন্টনী ভন লিউৱেনহুকৰ জন্ম হৈছিল।
▶️১৬৪৮ চনৰ এই দিনটোতেই ৱেষটফালিয়া সন্ধি।ত্ৰিছ বছৰীয়া যুদ্ধৰ অৱসান।
▶️১৭৭৫ চনৰ এই দিনটোতেই শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ(দ্বিতীয়)ৰ জন্ম হৈছিল।
▶️১৮৫১ চনৰ আজিৰ দিনটোতেই কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি।
▶️১৮৭১ চনৰ আজিৰ দিনটোতেই সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই ৫০ খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্বশান্তিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা।
▶️১৯৬৪ চনৰ এই দিনটোতেই মধ্য-দক্ষিণ আফ্ৰিকাৰ ভূমিবদ্ধ দেশ উত্তৰ ৰোডেছিয়াৰ স্বাধীনতা লাভ। দেশখনৰ নতুন নাম জাম্বিয়া।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে’ল ব্যৱস্থা বা মেট্ৰো ৰে’ল মুকলি।
▶️২০০৩ চনৰ এই দিনটোতেই হায়দৰাবাদত এফ্ৰো-এছিয়ান গেমছ আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অসমৰ লোককলা আৰু লোকসংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৪ অক্টোবৰ
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
Next Post
You might also like