আজি ২৫ জুলাই

▶️১৮৩৪ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ ক’লৰিজৰ মৃত্যু ঘটিছিল।
▶️১৮৯৫ চনৰ এই দিনটোতেই বিজ্ঞানী মেৰী কুৰী আৰু পীয়েৰ কুৰীৰ বিবাহ।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ব্ৰিটেইন,আমেৰিকা আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত।
▶️১৯৭৭ চনৰ এই দিনটোতেই নীলম সঞ্জীৱ ৰেড্ডী ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। ১৯৮২ চনৰ ২৫ জুলাই পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল গিয়ানী জাইল সিং।১৯৮৭ চনৰ ২৪ জুলাইলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই ৰামস্বামী ভেংকটৰমণ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ১৯৯২ চনৰ ২৪ জুলাইলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই বাৰ্চিলোনাত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৯২ চনৰ এই দিনটোতেই শংকৰ দয়াল শৰ্মা ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ১৯৯৭ চনৰ ২৪ জুলাইলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০০ চনৰ এই দিনটোতেই ভাৰতৰ মহিলা দৌৰবিদ পি টি ঊষাৰ আন্তৰ্জাতিক ক্ৰীড়াৰ পৰা অৱসৰ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই কে আৰ নাৰায়ণন ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। ২০০২ চনৰ ২৫ জুলাই পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল এ পি জে আব্দুল কালাম। ২০০৭ চনৰ ২৪ জুলাই পৰ্যন্ত তেওঁ এই পদত অধিষ্ঠিত আছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা পাটিলৰ শপতগ্ৰহণ। তেঁৱেই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ নিৰ্মাতা পদুম বৰুৱাৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ দেহাৱসান।।

 

You might also like
Leave A Reply

Your email address will not be published.