আজি ২৫ মে’

▶️আজি আৰ্জেন্টিনাৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি জৰ্ডানৰ স্বাধীনতা দিৱস।
▶️১০৮৫ চনৰ আজিৰ দিনটোতেই ইটালীত পোপ সপ্তম গ্ৰেগৰীৰ মৃত্যু হৈছিল।
▶️১৬১১ চনৰ আজিৰ দিনটোতেই শ্বেৰ আফগানৰ বিধৱা মেহৰুন্নিছাৰ সৈতে মোগল সম্ৰাট জাহাংগীৰৰ বিৱাহ। বিয়াৰ পিছত মেহৰুন্নিছাই ‘নুৰজাহান’ নাম গ্ৰহণ কৰিছিল। নুৰজাহানৰ অৰ্থ পৃথিৱীৰ জেউতি।
▶️১৮৯৯ চনৰ এই দিনটোতেই বিদ্ৰোহী বাংলা কবি নজৰুল ইছলামৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ভাস্কৰ তথা চিত্ৰশিল্পী ৰামকিংকৰ বেজৰ জন্ম হৈছিল।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট শিক্ষাবিদ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ পাটনাত মৃত্যু ঘটিছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই ৰাছিয়াৰ প্ৰথম প্ৰশাসনিক ক্ষমতাসম্পন্ন ৰাষ্ট্ৰপতিৰূপে মিখাইল গৰ্বাছেভ নিৰ্বাচিত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উৰিয়া সাহিত্যৰ খ্যাতনামা লেখক কালিন্দীচৰণ পানীগ্ৰাহীৰ ৯০ বছৰ বয়সত মৃত্যু ঘটিছিল। ৰাজনীতিবিদ নন্দিনী সৎপতি তেওঁৰে কন্যা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন পৰ্বতাৰোহী এৰিক ৱাহ’হেনমায়াৰ আৰু শ্বেৰমান বুলৰ (৬৪) যথাক্ৰমে প্ৰথম অন্ধ আৰু আটাইতকৈ বয়স্ক ব্যক্তিৰূপে এভাৰেষ্টত আৰোহন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰলয়ংকাৰী বানত ডমিনিকান গণৰাজ্য আৰু হাইটিত প্ৰায় ২ হেজাৰ লোকৰ মৃত্যু।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই চিপিআই (এম)ৰ পলিটব্যুৰোৰ দ্বাৰা সোমনাথ চেটাৰ্জী চতুৰ্দশ লোকসভাৰ অধ্যক্ষ ৰূপে সৰ্বসন্মতিক্ৰমে মনোনীত।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই এন ডি এফ বিৰে কেন্দ্ৰীয় চৰকাৰৰ যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত।।

 

You might also like
Leave A Reply

Your email address will not be published.