আজি ২৬ আগষ্ট

▶️১৩০৩ চনৰ আজিৰ দিনটোতেই আলাউদ্দিন খিলিজীৰ চিতোৰ দূৰ্গ দখল।
▶️১৭২৩ চনৰ এই দিনটোতেই অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক লিউৱেনহুকৰ মৃত্যু ঘটিছিল।
▶️১৭৪৩ চনৰ এই দিনটোতেই আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী এন্টোইন লৰেন্ট লেভয়ছিয়াৰৰ জন্ম হৈছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল’ পঞ্জীয়নভুক্ত।
▶️১৯৪৩ চনৰ এই দিনটোতেই আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই মিউনিখত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৭২ চনৰ এই দিনটোতেই মিউনিখ অলিম্পিকত আৰবী গেৰিলা বিদ্ৰোহীৰ দ্বাৰা ইজৰাইলী খেলুৱৈক হত্যা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভ। পোন্ধৰ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ, পশু অধিকাৰ কৰ্মী তথা পৰিবেশবিদ মানেকা গান্ধীৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.