আজি ২৭ জানুৱাৰী

▶️১৭৫৬ চনৰ আজিৰ দিনটোতেই বিস্ময়কৰ প্ৰতিভাধৰ সংগীতশিল্পী উলফগেং আমাডিউছ মোজাৰ্টৰ জন্ম হৈছিল।
▶️১৮৩২ চনৰ এই দিনটোতেই ইংৰাজ শিশু সাহিত্যিক লুই কেৰল(প্ৰকৃত নাম চাৰ্লছ লুটউইজ ডজছন)ৰ জন্ম হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই সাহিত্যিক সূৰ্য্য কুমাৰ ভূঞাৰ জন্ম হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৭৪ চনৰ এই দিনটোতেই তেতিয়াৰ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিয়ে দিল্লীৰ নেহৰু মিউজিয়াম জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰিছিল।
▶️১৯৮৩ চনৰ এই দিনটোতেই বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.