আজি ৫ অক্টোবৰ

▶️১০৫৬ চনৰ আজিৰ দিনটোতেই জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ মৃত্যু।
▶️১৬৭৬ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ধাতুৰ মূদ্ৰা প্ৰস্তুত কৰাৰ বাবে টাকশাল স্থাপনৰ অনুমতি লাভ। সেই অনুসৰি বোম্বাইত (মুম্বাই) প্ৰথম টাকশাল স্থাপন কৰা হয় আৰু ১৬৮৭ চনত প্ৰথম মূদ্ৰা প্ৰস্তুত কৰা হয়।
▶️১৭১৩ চনৰ এই দিনটোতেই ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ দিদেৰোৰ জন্ম হৈছিল। তেওঁৰ সম্পাদনাতে ১৭৫১ চনত প্ৰকাশ পাইছিল বিশ্বৰ প্ৰথমখন আধুনিক বিশ্বকোষ ‘এনচাইক্লোপেডী’।
▶️১৮৬৪ চনৰ এই দিনটোতেই চলচ্চিত্ৰৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম হৈছিল। ককায়েক আগষ্ট লুমিয়েৰৰ সৈতে লগ লাগি তেওঁ ১৮৯৫ চনত চিনেমা প্ৰদৰ্শন কৰা এটা নতুন আৰু উন্নত যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ সাজি উলিয়াইছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট নিল ৰেইড অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। ১৯৪২ চনৰ ৩ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই লণ্ডনত বসবাস কৰা ভাৰতীয় ঔপন্যাসিক ছলমান ৰুশ্বডিৰ ‘ছাটানিক ভাৰ্ছেছ’ গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা আৰোপ।
▶️১৯৮৯ চনৰ এই দিনটোতেই উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ৰূপে ফাতেমা বিবিৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই সংযুক্ত জাৰ্মানীৰ সংসদৰ প্ৰথমখন অধিৱেশন আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বগৰীবাৰীৰ জালবিল বজাৰত NDFBৰ গুলীত ১০ গৰাকী লোকৰ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ এই দিনটোতেই ফ্ৰেংক উইলজেক, ডেভিদ জে গ্ৰেছ আৰু ডেভিদ প’লিটজাৰলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অসমৰ ডিকমৰ তেলখাদত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত অইল ইণ্ডিয়াই প্ৰায় ১০০ কোটিৰ লোকচানৰ সন্মুখীন হৈছিল। এই অগ্নিকাণ্ড ১৫ ছেপ্টেম্বৰত সংঘটিত হৈ ৪ অক্টোবৰ পৰ্যন্ত অব্যাহত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.