আজি ৫ জুলাই

▶️আজি কেপ ভাৰ্ডেৰ স্বাধীনতা দিৱস।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই মাৰ্কিন চিকিৎসা বিজ্ঞানৰ নোবেল বিজয়ী (১৯৪৪) মাৰ্কিন চিকিৎসক হাৰ্বাৰ্ট স্পেনছাৰ গাছাৰৰ জন্ম হৈছিল।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই বুৰঞ্জীবিদ, সাহিত্যিক সূৰ্য্যকুমাৰ ভূঞাৰ মৃত্যু।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই পাকিস্তানত সামৰিক অভ্যুত্থান।ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টো অপসাৰিত আৰু গ্ৰেপ্তাৰ। নতুন ৰাষ্ট্ৰপতি ৰূপে নিযুক্ত হৈছিল জিয়াউল হক।
▶️১৯৯৯ চনৰ এই দিনটোতেই ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই টেলিকম কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী সুখ ৰামক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেৰেনা উইলিয়ামছৰ খিতাপ জয়।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন।।

You might also like
Leave A Reply

Your email address will not be published.