আজি ৬ জুলাই

▶️আজি কোমোৰোছৰ স্বাধীনতা দিৱস।

▶️আজি গল্পৰ দিন।

▶️১৫৩৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল।

▶️১৮৮৫ চনৰ এই দিনটোতেই ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ।

▶️১৮৯৩ চনৰ এই দিনটোতেই ফৰাচী কথা-সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু।

▶️১৯০১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল।

▶️১৯২৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মহিম বৰাৰ জন্ম হৈছিল।

▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন।

▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ৪৩ সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হৈছিল।

▶️১৯৬০ চনৰ এই দিনটোতেই শিলিগুৰি ৰে’ল ষ্টেচনত উন্মত্ত বাংলাভাষীৰ দ্বাৰা ৰে’ল কৰ্মচাৰী,সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক হত্যা।

▶️১৯৬২ চনৰ আজিৰ দিনটোতেই মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু।তেওঁ ১৯৪৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই জাতীয়তাবাদী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবু জগজীৱন ৰামৰ মৃত্যু হৈছিল।

▶️১৯৯১ চনৰ আজিৰ দিনটোতেই একেৰাহে তৃতীয়বাৰৰ বাবে ষ্টেফি গ্ৰাফ উইম্বলডনৰ চেম্পিয়ন।

▶️২০০০ চনৰ আজিৰ দিনটোতেই ৪৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘কৈহাটীৰ ঢুলীয়া’লৈ শ্ৰেষ্ঠ নৃতত্বমূলক বঁটা,’পখী’ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি,’বৈভৱ’লৈ জুৰিৰ বিশেষ বঁটা।

▶️২০০২ চনৰ আজিৰ দিনটোতেই শিল্পপতি, ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু।

▶️২০০৬ চনৰ আজিৰ দিনটোতেই সূদীৰ্ঘ ৪৪ বছৰৰ মূৰত নাথু লা গিৰিপথ পুনৰ মুকলি।।

 

You might also like
Leave A Reply

Your email address will not be published.