▶️১০২৬ চনৰ এই দিনটোতেই চুলতান মামুদৰ চতুৰ্দশ আৰু শেষ ভাৰত আক্ৰমণ। গুজৰাটৰ কাথিওৱাৰাৰ সোমনাথ শিৱমন্দিৰ ধ্বংস। মামুদে এই মন্দিৰৰ পৰা কোটি টকাৰ সোণ আৰু মূল্যৱান পাথৰ গজনীলৈ লৈ যায়।তেওঁ মন্দিৰৰ প্ৰায় চাৰে চাৰি ফুট উচ্চতাৰ শিৱলিংগটোও ভাঙি টুকুৰা টুকুৰ কৰে আৰু সেইবোৰেৰে পাছত গজনীৰ মছজিদৰ চিৰি অলংকৃত কৰা হয়।
▶️১৩২৪ চনৰ এই দিনটোতেই ইটালীৰ প্ৰখ্যাত নাৱিক, পৰিব্ৰাজক মাৰ্কো পলোৰ মৃত্যু হৈছিল।
▶️১৬৪২ চনৰ আজিৰ দিনটোতেই ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ’ গেলিলিৰ মৃত্যু হৈছিল।
▶️১৮৭২ চনৰ এই দিনটোতেই সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা সাহিত্যিক আশাপূৰ্ণা দেৱীৰ জন্ম হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই ওডিচী নৃত্য বিশাৰদ কেলুচৰণ মহাপাত্ৰৰ জন্ম হৈছিল।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই বয় স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ মৃত্যু হৈছিল।
▶️১৯৪২ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থবিদ ষ্টিফেন হকিঙৰ জন্ম হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই ৰাজনীতিবিদ চৈয়দ মহম্মদ চাদুল্লাৰ মৃত্যু হৈছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই চীনৰ বিপ্লৱী ৰাষ্ট্ৰনায়ক, প্ৰথম প্ৰধানমন্ত্ৰী চৌ-এন লাইৰ মৃত্যু হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম মহিলা পাইলট সুষমা মুখোপাধ্যায়ৰ মৃত্যু হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই ৰাছিয়াত বিমান দুৰ্ঘটনাত ১৮৭ গৰাকী লোকৰ মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৮ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like