মণিপুৰত ৪৩ জন বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সদস্যৰ আত্মসমৰ্পণ। শনিবাৰে ৰাজ্যৰ গৃহ বিভাগৰ তত্বাৱধানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সন্মুখত আত্মসমৰ্পণ কৰে এই বিদ্ৰোহী সকলে। আত্মসমৰ্পণকাৰী বিদ্ৰোহী সকলে মুখ্যমন্ত্ৰীৰ সন্মুখত জমা দিয়ে ১৯টা মাৰণাস্ত্ৰ, ১৭টা হেণ্ড গ্ৰেনেড, ৫টা হেণ্ডহেল্ড চেট, এটা কেনউড চেট, ৯টা পিইকে, ৫টা আইইডিৰ লগতে ২০৯টা গোলাবাৰুদ।

আত্মসমৰ্পণ কৰা বিদ্ৰোহী সকলৰ ভিতৰত আছে কাংগলেইপাক ইয়াৱল কানবা লুপৰ (কেৱাইকেএল) ১৩ জন, পিপলছ লিবাৰেচন আৰ্মিৰ ৫ জন, কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ)ৰ ১১ জন, ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ ৫ জন কেচিপি (এন) ৫ জন , PREPAK (PRO)ৰ ২ জন আৰু এনএছচিএন (ইউ)ৰ ১ জন সদস্য।।

You might also like
Leave A Reply

Your email address will not be published.