আজি ৮ ডিচেম্বৰ

➡️১৮৩২ নৰৱেৰ সাহিত্যিক, ৰাজনীতিবিদ বৰ্নষ্টায়াৰনে মাৰ্টিনাছ বৰ্নছনৰ জন্ম। ১৯০৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৭৯ বংগৰ বিপ্লৱী নেতা যতীন্দ্ৰ নাথ মুখোপাধ্যায়ৰ ( বাঘা যতীন নামে প্ৰখ্যাত) জন্ম।
➡️১৯০০ ভাৰতৰ যশস্বী নৃত্যশিল্পী উদয় শংকৰৰ জন্ম।
➡️১৯৪১ পাৰ্ল হাৰ্বাৰ আক্ৰমণত ক্ৰোদ্ধ হৈ জাপানৰ বিৰুদ্ধে আমেৰিকা যুদ্ধ ঘোষণা। এইদৰে দ্বিতীয় মহাসমৰত আমেৰিকা জড়িত হৈ পৰে।
➡️১৯৪৬ ভাৰতৰ সংবিধান ৰচনাৰ উদ্দেশ্য দিল্লীৰ কনষ্টিটিউচন হলত প্ৰথম সভা অনুষ্ঠিত।
➡️১৯৭০ পি কে স্বামী অসমৰ ৰাজ্যপাল। ১৯৭১ চনৰ ৪ ডিচেম্বৰলৈকে তেওঁ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮৯ ছোলী জে ছোৰাবজী ভাৰতৰ এটৰ্নী জেনেৰেল।
➡️১৯৯১ অষ্ট্ৰেলিয়াত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ৰবি শাস্ত্ৰীৰ ১৫ ৰানত ৫টা উইকেট লাভ। ই এক বিশ্ব ৰেকৰ্ড। খেলখন অষ্ট্ৰেলিয়া ১০৭ ৰানত পৰাস্ত হয়।
➡️১৯৯২ বাবৰি মছজিদ ধ্বংসৰ বিশ্বব্যাপী প্ৰতিবাদ, দেশজুৰি বন্ধ পালন।
➡️১৯৮৯ পাঁচজন সন্ত্ৰাসবাদীৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ ছয়ীগৰ কন্যা ডাঃ ৰুবিয়া ছয়ীদক কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ অপহৰণ। ১২২ ঘন্টাৰ পিছত চৰ্তসাপেক্ষে ৰুবিয়াই মুক্তি লাভ কৰে।
➡️২০০২ বীৰাপ্পানৰ দ্বাৰা অপহৃত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী নাগাপ্পাৰ মৃতদেহ উদ্ধাৰ।
➡️২০০২ হেপাটাইটিছ-বি ৰোগত ভাৰতত এবছৰ ১,০০০ লোকৰ মৃত্যুৰ বাতৰি ঘোষণা।
➡️২০০২ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলীট তথা অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্ব তাৰকা জুনুমণি শইকীয়াৰ মৃত্যু।
➡️নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতি দিৱস।

You might also like
Leave A Reply

Your email address will not be published.