আজি ৭ ডিচেম্বৰ

➡️১৭৮২ হাইদৰ আলীৰ মৃত্যু। তেওঁৰ পুত্ৰ টিপু চুলতান মহীশূৰৰ চুলতান।
➡️১৮৫৬ চৰকাৰীভাৱে ভাৰতত প্ৰথম বিধৱা বিবাহ আৰম্ভ।
➡️১৮৭৯ জাতীয়তাবাদী নেতা, প্ৰথম ভাৰতীয় গৱৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালচাৰীৰ জন্ম।
➡️১৯০৬ সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম।
➡️১৯১৭ অষ্ট্ৰিয়াৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।
➡️১৯২১ আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ মাজত শান্তি চুক্তি, আয়াৰলেণ্ডৰ স্বাধীনতা লাভ।
➡️১৯৩২ সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম।
➡️১৯৪১ মাৰ্কিন নৌ-ঘাটি পাৰ্ল হাৰ্বাৰৰ ওপৰত জাপানাৰ বিমান আক্ৰমণ।
➡️১৯৭২ কুৰি শতিকাৰ অন্তিমটো চন্দ্ৰ অভিযান।
➡️১৯৯২ অয্যোধ্যা-কাণ্ডৰ প্ৰতিক্ৰিয়াত বহু লোক নিহত। লোকসভাৰ বিৰোধী নেতাৰ পদৰ পৰা লালকৃষ্ণ আদৱানিৰ পদত্যাগ।
➡️১৯৯৭ মণিপুৰত কংগ্ৰেছৰ ভাঙোন, ৰিছাং কেইছিং চৰকাৰ সংখ্যালঘু চৰকাৰত পৰিণত।
➡️২০০৪ আফগানিস্তানৰ প্ৰথমজন নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰূপে হামিদ কাৰজাইৰ শপত গ্ৰহণ।
➡️১৮৯৮ কবি, নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম।
➡️২০০৬ উত্তৰাঞ্চল ৰাজ্যৰ নাম সলনি কৰি উত্তৰাখণ্ড কৰাত ৰাজ্যসভাৰ অনুমোদন।

You might also like
Leave A Reply

Your email address will not be published.