আনন্দ মিশ্ৰই কঁপাইছে জালনোট, নকল সোনৰ দূৰ্গ!

 

নিউজ ডেস্ক:

তুন জিলাত দায়িত্ব লৈয়েই এক্সন মুডত আনন্দ মিশ্ৰ।প্ৰথমটো দিনতে বৃহৎ সাফল্য আনন্দ মিশ্ৰৰ ।১২ ঘন্টাৰ ভিতৰতে নকল সোণৰ বেহা চলোৱা ৩ অপৰাধীক গ্ৰেপ্তাৰ।বালিতিকা, হৰিপুৰত অভিযান ‘টীম আনন্দ মিশ্ৰ’ৰ।চাদ্দাম হুছেইন, চৰিফুল ইছলাম, গুলজাৰ হুচেইনক গ্ৰেপ্তাৰ।দীৰ্ঘদিন ধৰি নকল সোণৰ বেহা চলাইছিল এই তিনি বেপাৰীয়ে। আনন্দ মিশ্ৰই দায়িত্ব গ্ৰহণ কৰিয়েই সকিয়নী দিছিল চোৰাং বেহাৰে জড়িতসকলক আত্মসমৰ্পণৰ। তাৰ পাছতেই লখিমপুৰত আত্মসমৰ্পণৰ জোৱাৰ!
আজি পুনৰ নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ ৫ অপৰাধীৰ।আৰক্ষীক নিজে ধৰা দিয়া সুৰজ আলী, চৰিয়ত আলী, ছৰিফুল ইছলাম, মফিদুল ইছলাম আৰু বাহিজুল ইছলাম বিভিন্ন আইনবিৰুদ্ধ কামত জড়িত আছিল ।
মঙলবাৰেও জোনমণি ৰাভাৰ হত্যাকাণ্ডৰে নাম সাঙোৰ খোৱা কুখ্যাত নকল সোন চক্ৰৰ চৰ্দাৰ আতিকুলে আত্মসমৰ্পণ কৰিছিল ৷ লগতে আত্মসমৰ্পণ কৰিছিল আব্দুল ৰাজ্জাক আৰু বুঢ়ামুদ্দিন নামৰ আন দুই কুখ্যাত ব্যৱসায়ীয়েও।তদুপৰি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদ্য বিতাড়িত নেতা তথা নকল সোণ,জালনোট ব্যৱসায়ৰ অন্যতম মাষ্টাৰমাইণ্ড আবু শ্বহীদ ওৰফে লম্বু শ্বহীদেও ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে৷ আবু শ্বহীদৰ পিছতেই আন দুই গেংষ্টাৰ মিজানুৰ ওৰফে মিজু আৰু চাইদুল্লায়ো আত্মসমৰ্পণ কৰিছে বঙালমৰা আৰক্ষী চকীত। ইফালে শেহতীয়াকৈ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সোধা-পোছা কৰি CIDএ এৰি দিয়া কুখ্যাত নকল সোণ ব্যৱসায়ী আজগৰ আলীয়েও কিছুসময় পূৰ্বে আত্মসমৰ্পণ কৰিছে লখিমপুৰ থানাত।।

You might also like
Leave A Reply

Your email address will not be published.