নিউজ ডেস্ক-
আজি ‘এক শৰণ নামধৰ্ম’ ৰ অন্যতম হোতা তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি। মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত। পিতৃ গোবিন্দ গিৰি ভূঞা আছিল হৰিভূঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। মহাপুৰুষ মাধবদেৱৰ আবিৰ্ভাৱ অসমীয়া জাতীয়-জীৱন ,সমাজ- সংস্কৃতি আৰু আধ্যাত্মিক জগতৰ বাবে চমকপ্ৰদ। অভিজাত জীৱনশৈলীৰ পৰা দৰিদ্ৰপীড়িত ভিক্ষাৰী জীৱনৰ কাৰুণ্যৰে ভৰা মাধৱদেৱৰ জীৱন নানা ঘটনা-পৰিঘটনা, উত্থান পতনৰ সাক্ষী। বৈষ্ণৱ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল অসামান্য।
ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী মহাপুৰুষ গুৰুজনাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ বৰগীত,ভটিমা, নাট আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি জনা যায় যদিও বৰ্তমান নকুৰি এঘাৰটা গীতহে আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত।।