১৬২৩ হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু।
১৭৬৪ বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত মীৰকাছিমৰ পৰাজয়।
১৯১৫ ৰাজনীতিবিদ, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ জন্ম।
১৯৩৯ অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ মৃত্যু।
১৯৪০ ব্রাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ পেলেৰ জন্ম।
১৯৪৩ আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী ‘ঝান্সি ব্রিগেড’ প্রতিষ্ঠা, ছিংগাপুৰত।
১৯৪৩ আজাদ হিন্দ চৰকাৰৰ ব্রিটেইন আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
১৯৭৪ ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম।
১৯৮৬ পণ্ডিত তীর্থনাথ শৰ্মাৰ মৃত্যু।
১৯৯০ সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্রা পৰিচালনাৰ অন্যতম নায়ক ভাৰতীয় জনতা পাটীৰ সভাপতি লালকৃষ্ণ আদৱানিক জাতীয় নিৰাপত্তা আইনৰ অধীনত বিহাৰত গ্ৰেপ্তাৰ। বিভিন্ন ৰাজনৈতিক দল আৰু ভাৰত চৰকাৰৰ আবেদন উপেক্ষা কৰি আদৱানিয়ে এই ৰথযাত্ৰাৰ আয়োজন কৰিছিল। আদৱানি গ্রেপ্তাৰ হোৱাৰ পিছতে বিজেপিয়ে কেন্দ্ৰৰ মৰ্চা চৰকাৰৰ প্ৰতি থকা সমর্থন প্রত্যাহাৰ কৰে আৰু বিশ্বনাথ প্রতাপ সিঙৰ চৰকাৰ সংকটত পৰে।