আৰৱ সাগৰত জব্দ ১২ হেজাৰ কোটি টকাৰ ড্ৰাগছ !

এনচিবি আৰু ভাৰতীয় নৌসেনাৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি

নেচনেল ডেস্ক

কোচিৰ উপকূলৰ আৰৱ সাগৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন । এনচিবি আৰু ভাৰতীয় নৌসেনাৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি । মুন্দ্ৰা বন্দৰৰ পৰা জব্দ প্ৰায় ৩০০০ কেজি হেৰ’ইন।জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১২ হেজাৰ কোটি টকা।

আফগানিস্তানৰ পৰা ইৰাণৰ বন্দৰ চহৰ বান্দাৰ আব্বাছ হৈ ভাৰতলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি। আৰক্ষীয়ে পাঞ্জাৱৰ অমৃতসৰৰ বাসিন্দা পংকজ বৈদ্য ওৰফে অমিতৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগ দাখিল কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.