টেংক পৰিস্কাৰ কৰিবলৈ গৈ মৃত্যু পিতা-পুত্ৰ,ভতিজাসহ

একেটা শ্ৰমিক পৰিয়ালৰ ৫ সদস্যৰ!

নেচনেল ডেস্ক:

ৰ্মান্তিক!মহাৰাষ্ট্ৰৰ পাৰভানীত চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটা শ্ৰমিক পৰিয়ালৰে ৫ জনকৈ সদস্যই।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ ভৌচা টণ্ডা অঞ্চলত এটা চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামিছিল একেটা শ্ৰমিক পৰিয়ালৰ ৬ জনকৈ শ্ৰমিকে।
কিন্তু চেপ্টিক টেংকৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে বিষাক্ত গেছৰ ফলত আটাইকেইজন শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ৫ জনকে চিকিৎসকে মৃত বুলি ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.