ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়াৱহ মিছাইল আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়াৱহ মিছাইল আক্ৰমণ।বৃহস্পতিবাৰে পুৱা ১২০ টা মিছাইলেৰে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰে বুলি সদৰি কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা মাইখাইলো পডোলিয়াকে। আকাশ আৰু সাগৰৰ পৰা ক্ৰুজ মিছাইলেৰে বিভিন্ন দিশৰ পৰা ইউক্ৰেইনৰ ভিন ভিন চহৰত আক্ৰমণ কৰে ৰাছিয়াই। ইয়াৰ উপৰিও কেইবাখনো কামিকাজে ড্ৰ’নো ব্যৱহাৰ কৰা হৈছিল এই আক্ৰমণত। ৰাজধানী চহৰ কিয়েভ, খাৰকিভ, অডেছা, লভিভ আৰু জিট’মিৰ চহৰত সংঘটিত হয় এই আক্ৰমণ। মিছাইল আক্ৰমণত ৰাজধানী চহৰখনত ১৪ বছৰীয়া কিশোৰীকে ধৰি কমেও তিনিজন লোক আহত হয়।।

You might also like
Leave A Reply

Your email address will not be published.