উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ভীৰা পথত শোকাৱহ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন বাগৰি খাৱৈত পৰাত নিহত কমেও ৫ জন লোক। আনহাতে গুৰুতৰভাৱে আহত ৭ জন লোক। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শ্বাহজাহানপুৰৰ পৰা পালিয়ালৈ গৈ থকা অৱস্থাত পালিয়া আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰাৰ সন্দেহ।।
