এইবাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ অভিযান

নিউজ ডেস্ক

 

ৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা চলিব উচ্ছেদ অভিযান। এই সন্দৰ্ভত এক জাননী জাৰি কৰিলে দৰং জিলা প্ৰশাসনে । জিলা প্ৰশাসনে জনোৱা অনুসৰি ২৯ মে’ৰ পৰা ৩১ মে’লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ১২ খন সৰু-বৰ চৰত চলিব এই উচ্ছেদ অভিযান। যদিও উচ্ছেদ অভিযান ২৯ মে’ৰ পৰা আৰম্ভ হ’ব কিন্তু তাৰ পূৰ্বেই এই লোকসকলে এই অঞ্চল এৰিবলৈ আৰম্ভ কৰিছে। আনহাতে এই জাননী লাভ কৰাৰ পাছতে উচ্ছেদ অভিযান চলাব লগীয়া অঞ্চলৰ লোক সকলে তেওঁলোকৰ সা – সামগ্ৰী স্থানান্তৰ কৰিবৰ বাবে প্ৰশাসনক নাৱৰ ব্যবস্থা কৰিবলৈ অনুৰোধ জনোৱাত জিলা প্ৰশাসনে ১০ খন নাৱৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.