কোচি বিমানবন্দৰত শুল্ক বিভাগৰ বৃহৎ সফলতা

কোচি বিমানবন্দৰত শ্ৰীলংকাৰ দুজন নাগৰিকৰ পৰা জব্দ কৰে প্ৰায় ৬০ লাখ টকাৰ ১২০২.৫৫ গ্ৰাম সোণ

নিউজ ডেস্ক:

কোচি বিমানবন্দৰত শুল্ক বিভাগৰ বৃহৎ সফলতা।শুকুৰবাৰে শুল্ক বিভাগৰ এয়াৰ ইলিজেন্স ইউনিটে কেৰালাৰ কোচি বিমানবন্দৰত শ্ৰীলংকাৰ দুজন নাগৰিকৰ পৰা জব্দ কৰে প্ৰায় ৬০ লাখ টকাৰ ১২০২.৫৫ গ্ৰাম সোণ । আটকাধীন দুই শ্ৰীলংকাৰ নগৰিক মহম্মদ জুবাইৰ আৰু মহম্মদ জানুফাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুটা পৃথক গোচৰত এয়াৰ ইলিজেন্স ইউনিটে কলম্বোৰ পৰা UL-165 নম্বৰ বিমানত অহা দুজন শ্ৰীলংকাৰ যাত্ৰীক আটক কৰে। বিমানবন্দৰত তালাচীৰ সময়ত দুয়োজন যাত্ৰীৰ পৰা দুটাকৈ সোণৰ কেপচুল গোটা অৱস্থাত উদ্ধাৰ কৰে শুল্ক বিভাগৰ বিষয়াই। দুই যাত্ৰীয়ে দেহৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল কেপচুল কেইটা। উদ্ধাৰ হোৱা সোণখিনিৰ ওজন আছিল ১২০২.৫৫ গ্ৰাম। গোচৰটোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.