এইবাৰ পাকিস্তানত ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ!

মৃত্যু ১৫ জন লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

ৰাজনৈতিক অস্থিৰতাৰ সমান্তৰালকৈ এইবাৰ পাকিস্তানত ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ। অশান্ত উত্তৰ-পশ্চিম অঞ্চলত সোমবাৰে কয়লা খনিৰ সীমা নিৰ্ধাৰণক লৈ দুটা জনগোষ্ঠীৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ। ফলত মৃত্যু হয় ১৫ জন লোকৰ । আৰক্ষী আৰু অন্যান্য নিৰাপত্তাৰক্ষীৰ যুটীয়া দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, খনিটোৰ সীমা নিৰ্ধাৰণৰ ওপৰত কোহাট জিলাৰ পেছাৱৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত দাৰা আদম খেক অঞ্চলৰ ছানিখেল আৰু জাৰঘুন খেল জনগোষ্ঠীৰ মাজত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে মৃতদেহ আৰু আহতসকলক পেছাৱাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত লোকৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই যদিও গুলীয়াগুলীত দুয়োপক্ষৰ একাধিক লোক আহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত দাৰা আদম খেল থানাত এফআইআৰ ৰুজু কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.