লেণ্ড ফৰ জবচ কেচত CBIৰ অভিযান!

পাটনা-আৰাত লালুৰ ৰাজনৈতিক ঘনিষ্ঠ RJD বিধায়কৰ ঘৰত অভিযান

নেচনেল ডেস্ক:

পাটনা-আৰাত লালুৰ ৰাজনৈতিক ঘনিষ্ঠ RJD বিধায়কৰ ঘৰত অভিযান। লেণ্ড ফৰ জবচ গোচৰত সমগ্ৰ দেশৰ ৯ টা স্থানত তালাচী চলাইছে CBIয়ে । মঙলবাৰে লালু যাদৱৰ এজন ঘনিষ্ঠ সহযোগী RJD ৰ বিধায়ক কিৰণ দেৱীৰ চৌহদত চলায় এই অভিযান। CBI দলটোৱে আৰা আৰু পাটনাত একেলগে চলায় এই অভিযান। পুৱা প্ৰায় ৬ বজাত CBIৰ এটা আঠ জনীয়া দল আৰাৰ অংগিয়াভত থকা তেওঁৰ বাসগৃহত উপস্থিত হয়। দলটোক সুৰক্ষা দিবলৈ উপস্থিত হৈছিল বহু সংখ্যক CRPFৰ জোৱান । কিৰণ দেৱী বালি ব্যৱসায়ী অৰুণ যাদৱৰ পত্নী। কিৰণ দেৱী আৰাৰ এজন বিধায়ক ।

You might also like
Leave A Reply

Your email address will not be published.