লণ্ডনত শ্ৰেষ্ঠ অভিনেতা হৈ উজলিল আদিল হুছেইন!

নিউজ ডেস্কঃ

 

ন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান আদিল হুছেইন৷এইবাৰ লণ্ডনত অনুষ্ঠিত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত ‘ফুটপ্ৰিন্টছ্ অন ৱাটাৰ’ নামৰ ছবিখনত কৰা অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে অসম সন্তান তথা বলীউডৰ খ্যাতনামা অভিনেতা আদিল হুছেইনে ৷
উল্লেখ্য যে, ১৩ মে’ত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰিমিয়াৰ মুক্তি পাইছিল আদিল হুছেইন অভিনীত ছবিখনৰ ৷ ছবিখনৰ পৰিচালনা নাটালিয়া শ্যামৰ ।
ব্ৰিটেইনলৈ যোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱা সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে ৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাছত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুওৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনাৰে ছবিখন নিৰ্মাণ কৰা হৈছে ৷
ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে অসম সন্তান আদিল হুছেইনে ৷ ‘ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ’ ছবিখনে পূৰ্বেও নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাবে পুৰস্কৃত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.