ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ অভিযান!

 

নিউজ ডেস্ক :

ৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।উদ্যানখনৰ দক্ষিণ দিশত প্ৰায় তিনি হাজাৰ পৰিয়ালে ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চল বেদখল কৰি আছে। । বেদখলকাৰীসকলক অহা ১৫ মে’ ৰ ভিতৰত দখলকৃত ভূমি এৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে নিৰ্দেশ দিছে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত গঁড় আৰু বাঘৰ ঘনত্ব হিচাপে মাটিকালি কম হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৭৯.৭৮ বৰ্গ কিলোমিটাৰ মাটিকালি পৰা ২০০০.০২ বৰ্গ কিলোমিটাৰ বৃদ্ধি কৰি বৰ্তমান ২০৭৯.৮০ বৰ্গ কিলোমিটাৰ মাটিকালি কৰিছে। কিন্তু এই ২০৭৯.৮০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ অন্তৰ্গত দক্ষিণ দিশৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল প্ৰায় তিনি হাজাৰ পৰিয়ালে দখল কৰি আছে।

ইতিমধ্যে এই পৰিয়াল সমূহক বনভূমি ত্যাগ কৰিবলৈ দৰং জিলা আৰু শোণিতপুৰ জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। ১৫ মে’ ৰ ভিতৰত বেদখলকাৰীসকলে যদি দখলকৃত মাটি এৰি নিদিয়ে তেন্তে সেই ঠাইত প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিব বুলি DFO প্রদীপ্ত বৰুৱাই সকীয়াই দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.