ৰাজ্যত ৫ দিনলৈ অৰেঞ্জ-য়েল্ল’ এলাৰ্ট !

নিউজ ডেস্ক

 

সমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত ‘মোচা’ ঘূৰ্ণীবতাহৰ সতৰ্কবাণী বতৰ বিজ্ঞানীৰ।
উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত মুষলধাৰ বৰষুণৰ উপৰি ঘণ্টাত ‌১৬০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহ বলিব পাৰে। ‌ইতিমধ্যেই ১৬০ কিলোমিটাৰ বেগেৰে বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘মোচা’ই দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰেৰে উত্তৰ-পূৰ্বাঞ্চল, বাংলাদেশৰ আৰু ম্যানমাৰৰ দিশে গতি কৰিছে। ইয়াৰ ফলত দেওবাৰ আৰু সোমবাৰৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বৰাক উপত্যকাত অহা ১৪ মে’ত এই ঘূৰ্ণীবতাহৰ লগতে প্ৰবল বৰষুণৰ আশংকা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সতৰ্কবাণী জাৰি কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.