নিউজ ডেস্ক:

লিণ্ডা ইয়াকাৰিনো টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া।খবৰটো এক টুইট যোগে সদৰি কৰে ইলন মাস্কে। ইয়াকাৰিনোই মূলতঃ ব্যৱসায়িক কাম-কাজ তদাৰক কৰাৰ বিপৰীতে মাস্কে প্ৰডাক্ট ডিজাইন আৰু নতুন প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিব। ছয় সপ্তাহৰ পিছত আনুষ্ঠানিকভাৱে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰিব য়াকাৰিনোৱে।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে মাস্কে বছৰৰ শেষৰ ফালে টুইটাৰে নতুন চিইঅ’ লাভ কৰিব বুলি টুইট যোগে সদৰি কৰিছিল।

লিণ্ডা ইয়াকাৰিনো কোন?

লিণ্ডা ইয়াকাৰিনো মিডিয়া উদ্যোগৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব। ২০ বছৰতকৈও অধিক সময় NBC Universalৰ সৈতে জড়িত ইয়াকাৰিনোৱে বিভিন্ন শীৰ্ষ পদবীত অধিষ্ঠিত হৈ আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.