নিউজ ডেস্ক

 

জন এজন কৈ আৰক্ষীৰ জিম্মাত শিশু নিৰ্যাতনৰে জড়িত ব্যক্তি। এইবাৰ আৰক্ষীৰ জিম্মাত শিশু নিৰ্যাতনৰ অপৰাধত জৰিত ডা: সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু। জানিব পৰা মতে বিগত তিনি দিন ধৰি পশ্চিমবংগত আত্মগোপন কৰি আছিল উৎপলা বসুৱে।উৎপলা বসুয়ে সংগীতা দত্তক গ্রেপ্তাৰৰ পিছতে পলায়ন কৰিছিল।পাছত শুকুৰবাৰে নিশা পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে উৎপলাই। ইফালে উৎপলাৰ পাছতে আৰক্ষীৰ জালত পৰিছে এগৰাকী আশা কৰ্মী ।গুৱাহাটীৰ জালুকবাৰীৰ পৰা আটক কৰিছে আশা কৰ্মী গৰাকীক ।এই আশা কৰ্মী গৰাকীয়ে শিশু দুটিক বৰপেটাৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে ।আৰক্ষীৰ জেৰাৰ পাছত হে স্পষ্ট হ’ব সমগ্ৰ ঘটনা ।।

You might also like
Leave A Reply

Your email address will not be published.