আজি ১৪ মে’

▶️আজি ইজৰাইলৰ স্বাধীনতা দিৱস।
▶️আজি পাৰাগুৱেৰ স্বাধীনতা দিৱস।
▶️১০০৪ চনৰ আজিৰ দিনটোতেই ইটালীত দ্বিতীয় হেনৰীৰ ৰাজ অভিষেক। তাৰ প্ৰতিক্ৰিয়াত জাৰ্মান সকলৰ সৈতে হোৱা যুদ্ধত ৰোমৰ বিস্তৃত অংশ জুইত ধ্বংস হোৱাৰ লগতে বহু লোকৰ মৃত্যু।
▶️১৬৮৬ চনৰ আজিৰ দিনটোতেই জাৰ্মান পদাৰ্থ বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ জন্ম হৈছিল। ফাৰেনহাইটে উষ্ণতাৰ মাত্ৰা নিৰ্ধাৰণৰ এক নতুন এককৰ নাম ‘ফাৰেনহাইট স্কেল’ ৰখা হয়।
▶️১৭৯৬ চনৰ আজিৰ দিনটোতেই এডোৱাৰ্ড জেনাৰৰ দ্বাৰা বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ প্ৰথম প্ৰয়োগ।
▶️১৮১১ চনৰ আজিৰ দিনটোতেই পাৰাগুৱেৰ স্বাধীনতা লাভ।
▶️১৯০৭ চনৰ এই দিনটোতেই পাকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান আয়ুব খানৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ এই দিনটোতেই নতুন ইজৰাইল ৰাষ্ট্ৰ গঠন।
▶️১৯৫৫ চনৰ এই দিনটোতেই বন্ধুত্ব আৰু যুটীয়া সহযোগীতাৰ উদ্দেশ্যে পোলেণ্ডৰ ৱাৰ্শ্বত কেইখনমান দেশৰ মাজত এক সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তি ‘ৱাৰ্শ্ব চুক্তি’ নামে পৰিচিত। চুক্তিত স্বাক্ষৰ কৰা দেশকেইখন আছিল ছোভিয়েট ৰাছিয়া,আলবেনিয়া,বুলগেৰিয়া,পূৱ জাৰ্মানী,পোলেণ্ড,ৰোমানিয়া, চেকোশ্লোভাকিয়া আৰু হাংগেৰী।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই এয়াৰ ইণ্ডিয়াৰ বিমান প্ৰথম আটলাণ্টিক মহাসাগৰ পাৰ হৈ নিউয়ৰ্কত উপস্থিত হৈছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই মহাকাশ ষ্টেচন স্কাইলেব-১ৰ উৎক্ষেপণ। মানুহৰ মহাকাশ বিজয় আৰু মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত স্কাইলেবে এক অনন্য ভূমিকা পালন কৰে।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই ভাৰতত এল টি টি ইক নিষিদ্ধ ঘোষণা কৰা হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ লৰ্ডছত শতিকাৰ অন্তিম বিশ্বকাপ ক্ৰিকেট আৰম্ভ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে জয়াললিতাৰ কাৰ্যভাৰ গ্ৰহণ।
▶️২০০২ চনৰ এই দিনটোতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মুত ৩৫ লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.