কনজাংটিভাইটিছ বা চকু ৰঙা পৰা ৰোগৰ প্ৰতিকাৰৰ বিষয়ে জানো আহক!

বৰ্তমান ৰাজ্যত Eye fluৰ ব্যাপক সংক্ৰমণ

নিউজ ডেস্কঃ

কনজাংটিভাইটিছ বা চকু ৰঙা পৰা ৰোগৰ প্ৰতিকাৰৰ বিষয়ে জানো আহক!

বৰ্তমান ৰাজ্যত Eye fluৰ ব্যাপক সংক্ৰমণে দেখা দিছে। চিকিৎসকৰ মতে কেইবাদিনো ধৰি বৰষুণৰ ফলত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ বাবেই এজন ব্যক্তিৰ পৰা আন এজনলৈ চকুৰ সংক্ৰামক ৰোগ ক্ষিপ্ৰতাৰে বিয়পিব ধৰিছে। এই ৰোগত ভোগা ব্যক্তিৰ চকু ৰঙা আৰু গধুৰ হোৱাৰ লগতে চকু ফুলি উঠে আৰু খজুৱতিও আৰম্ভ হয়।

এই ৰোগত পৰিলে চকু খজুওৱাৰ পৰা নিজকে বিৰত ৰাখক। চকু ৰঙা পৰা সমস্যাত ভুগি থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ মতে বাৰে বাৰে চকু স্পৰ্শ কৰিব নালাগে। দিনটোত সঘনাই পানীৰে চকু ধুই থাকিব লাগে। সমস্যা বাঢ়ি গ’লে শীঘ্ৰে বিশেষজ্ঞ চিকিৎসক তথা পৰামৰ্শদাতাৰ কাষ চাপিব লাগে। কনজাংটিভাইটিছৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে ঘৰৰ চৌপাশ পৰিষ্কাৰ- পৰিচ্ছন্ন
কৰি ৰাখিব লাগে। পৰাপক্ষত হাতেৰে চকু স্পৰ্শ নকৰিব।সঘনাই হাত ধুব । তথা চকুৰ পৰা যিকোনো স্ৰাৱ আঁতৰাবলৈ চকুৰ স্থান লাহেকৈ পৰিষ্কাৰ কৰিবলৈ পৰিষ্কাৰ আৰু সেমেকা কাপোৰ ব্যৱহাৰ কৰিব । ই সংক্ৰমণ বিয়পাৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। যদি আপুনি কনজাংটিভাইটিছৰ সমস্যাৰ সন্মুখীন হৈছে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।।

You might also like
Leave A Reply

Your email address will not be published.