আজি ১৮ আগষ্ট

▶️১৮০০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা।১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হয়।
▶️১৮৬৪ চনৰ এই দিনটোতেই হেনৰী ডুনান্টৰ প্ৰচেষ্টাত সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা।
▶️১৯০০ চনৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ দেহাৱসান।
▶️১৯৪৫ চনৰ এই দিনটোতেই ফৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি ২২ আগষ্টৰ দিনা টকিঅ’ ৰডিঅ’ৰ ঘোষণা।অৱশ্যে এই সন্দৰ্ভত প্ৰকৃত তথ্য এতিয়াও অজ্ঞাত।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজী(IIT) মুকলি।
▶️২০০০ চনৰ এই দিনটোতেই শিল্পী-সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ২০০১ চনৰ ১১ ছেপ্টেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰ ধ্বংসৰ মূল অভিযুক্ত ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল-কাইদাক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ অভিযোগ তুলি ছৌদি ৰাজপৰিয়াল আৰু সাতটা বেংকৰ বিৰুদ্ধে সেই ঘটনাত নিহত পৰিয়ালৰ সদস্যৰ এক গোচৰ ৰুজু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই এথেন্স অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ ৰূপৰ পদক লাভ।
▶️১৮৫০ চনৰ আজিৰ দিনটোতেই ফৰাচী ঔপন্যাসিক বালজাকৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.