কিদৰে মৃত্যু হৈছিল IITৰ ছাত্ৰ ফাইজান আহমেদৰ!

নিউজ ডেস্ক

 

তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ তদন্ত বৰ্তমানেও অব্যাহত আছে। ২০২২ চনৰ ১৪ অক্টোবৰত ৰহস্যজনক ভাৱে মৃত্যু হৈছিল ফাইজান আহমেদৰ । হোষ্টেলৰ কোঠাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ । কিন্ত কি কাৰনত মৃত্যু হৈছিল তাৰ আঁৰৰ ৰহস্য আজি পৰ্যন্ত ফাদিল হোৱা নাই । উল্লেখ্য যে, ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত কবৰস্থ কৰা হৈছিল ফাইজানৰ মৃতদেহ । কিন্ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে আজি ফাইজানৰ মৃতদেহ খান্দি উলিওৱাৰ সম্ভাৱনা আছে। মৃত্যুৰ সঠিক তদন্তৰ বাবে ফাইজান আহমেদৰ মৃতদেহ কবৰ খান্দি উলিওৱা হ’ব। ইয়াৰ বাবে কলকাতাৰ তদন্তকাৰী দল ডিব্ৰুগড়ত ইতিমধ্যে উপস্থিত হৈছে। মন কৰিবলগীয়া যে, ঘটনাৰ ৭ মাহ পাছত অভিযোগ উঠিছিল যে ফাইজানক হত্যা কৰা হৈছিল। ইয়াৰ পিছতেই ছাত্ৰজনক হত্যা কৰা বুলি পৰিয়ালৰ লোক আদালতৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে ২৫ এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই কবৰস্থ ফাইজানৰ মৃতদেহ খান্দি উলিওৱাৰ বাবে কলকাতাৰ তদন্তকাৰী দল ডিব্ৰুগড়ত উপস্থিত হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.