নেচনেল ডেস্ক:
বহিঃৰাজ্যত কুকুৰক আহাৰ খুওৱাৰ বাবেই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন এগৰাকী অসমীয়া যুৱতী!উত্তৰ প্ৰদেশৰ নয়ডাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিশা আৱাসিক কমপ্লেক্সৰ মুকলি ঠাইত কুকুৰক আহাৰ খুৱাই থকা অৱস্থাত তিনিগৰাকী মহিলা আৰু এজন পুৰুষৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে এগৰাকী অসমীয়া যুৱতী।এই ঘটনটো সংঘটিত হয় ১৩ জুলাইৰ নিশা প্ৰায় ১০:৩০ বজাত নয়ডাৰ চেক্টৰ-১১৩ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত। চেক্টৰ-৭৫ গোল্ড চিটি চ’চাইটিত বাস কৰা জেচমিন ফুকন নামৰ অসমৰ যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে, ভুক্তভোগীয়ে আৱাসিক কমপ্লেক্সৰ মুকলি ঠাইত কুকুৰক আহাৰ খুৱাই থকা অৱস্থাত তিনিগৰাকী মহিলাই তেওঁক প্ৰহাৰ কৰে। এই সন্দৰ্ভত ভূক্তভোগী জেচমিন ফুকনে যোৱা নিশা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে। আক্ৰমণকাৰী তিনি মহিলাক স্বাতী, ৰশ্মি আৰু সুনীতা গুপ্তা বুলি চিনাক্ত কৰা হৈছে। কুকুৰক সেই স্থানত খুৱালে ভৱিষ্যতেও অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও ভুক্তভোগীক সকিয়াই দিছিল তিনি মহিলাই। ইফালে ঘটনাৰ সময়তে ৰাজীৱ মিশ্ৰ নামৰ এজন লোক উপস্থিত হৈ ভুক্তভোগীক এনে কাৰ্য্য অব্যাহত ৰাখিলে আৱাসিক এলেকাটোৰ পৰা উলিয়াই দিব বুলিও ভাবুকি প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।গোল্ড চিটি চ’চাইটি আৱাসত থকা চিচিটিভি কেমেৰা ইতিমধ্যে পৰীক্ষা কৰা হৈছে। তদন্তৰ অন্তত যথোচিত আইনী ব্যৱস্থাৰ আশ্বাস দিছে আৰক্ষীয়ে।।