পৃথিৱীৰ আটাইতকৈ দামী ফল বিধৰ নাম জানেনে??

দামৰ দৰেই সোৱাদভৰা ফলবিধ!

নিউজ ডেস্ক:

পৃথিৱীৰ আটাইতকৈ দামী ফল বিধৰ নাম জানেনে?? এই ফল বিধৰ নাম হয়তো বহুতে নাজানে। ফলবিধৰ দাম যেনেকুৱা, খাবলৈও যথেষ্ট সোৱাদৰে ভৰা। এই ফল বিধৰ নাম হৈছে “য়ুৱৰী মেলন” ।

পৃথিৱীৰ আটাইতকৈ দামী য়ুৱৰী নামৰ এই ফলবিধ জাপানৰ। এই দ্বীপৰাষ্ট্ৰখনৰ বাহিৰে অন্য ঠাইত এই ফলবিধৰ খেতি কৰা নহয়। দামৰ দৰেই এই ফলবিধৰ সোৱাদো বহুমূলীয়া । কিন্তু সৰ্বসাধাৰণৰ বাবে এই ফলবিধৰ সোৱাদ লোৱাতো প্ৰায় অকল্পনীয়। শাক-পাচলি, ফল-মূলৰ দুই এটকা দাম বাঢ়িলেই মূৰে কপালে হাত দিব লগা হোৱা সৰ্বসাধাৰণৰ বাবে লাখটকীয়া এটা ফল কিনি খোৱাটো আকাশত চাং পতাতকৈ কোনো গুণে কম নহয়। য়ুৱৰী ফলৰ দাম কেৱল সোৱাদ, সুগন্ধৰ বাবেই নহয়। ইয়াৰ দামবৃদ্ধিৰ মূলতে আছে ইয়াক উৎপাদন কৰোতে হোৱা কষ্ট আৰু যত্ন লওঁতে হোৱা খৰছ।

পৃথিৱীৰ কিছুমান ভাগ্যৱান ব্যক্তিয়েহে এই ফলবিধ খাই পাইছে। তেওঁলোকৰ মতে, য়ুৱৰী ফল বিধৰ কোনো অন্য ফলৰ লগত তুলনা নহয়। জাপানৰ সৰু চহৰ ইউবাৰীত এই খেতি কৰা হয়। সেয়ে নামটো য়ুৱৰী। য়ুবৰী ফলবিধ ডাঙৰ হবলৈ ১০০ দিনৰো অধিক সময় লাগে। পুৰঠ হ’লে এই ফলৰ পৰা এটা বিশেষ গোন্ধ ওলায়, যি মৌ বা কস্তুৰী মৃগৰ নাভিৰ পৰা ওলোৱা সুগন্ধৰ দৰে। ছবিত দেখাৰ দৰেই য়ুৱৰী ফলটো চাৰিওফালে জটিল আৰু সুক্ষ্ম জালেৰে আগুৰি থাকে। জাপানত ধনাঢ্য শ্ৰেণীৰ লোকৰ মাজত য়ুৱৰী আভিজাত্যৰ চিন আৰু বিশেষ উপহাৰ হিচাপে গণ্য কৰা হয়।

এই য়ুৱৰী ফলবিধ তৰমূজৰ পৰিয়ালৰে। দেখাত সাইলাখ সৰু তৰমুজৰ দৰেই। কিন্তু পকিলে অলপ কমলা ৰঙৰ হয়। কেৱল জাপানৰ ইউবাৰীতহে ইয়াৰ খেতি কৰা হয়। কৃষকসকলে য়ুৱৰীৰ পুলিবোৰক সৰু সৰু গোটত ভাগ কৰি ৰোপন কৰে। ই কেৱল সেউজ গৃহৰ ভিতৰত কৰা হয়। কৃষকসকলে য়ুৱৰী জোপাৰ সকলো পুষ্টিকৰ উপাদান লাভ কৰিবলৈ প্ৰতিজোপা গছত মাত্ৰ এটা য়ুৱৰীহে লাগিবলৈ দিয়ে। গতিকে এটা য়ুৱৰীৰ দাম ভাবিব নোৱাৰাকৈ বেছি। এটা যুৱৰীৰ দাম ৮ হাজাৰ পৰা ১৮ লাখৰ ভিতৰত। কিন্তু সময় সাপেক্ষে আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দাম কম-বেছিও হয়। কেতিয়াবা য়ুৱৰীৰ নিলামো হয়। তেতিয়া এটা য়ুৱৰীৰ দাম লাখ পৰ্যন্ট হয়গৈ। খুব পৰিপাটিকৈ য়ুবৰীৰ খেতি কৰা হয়। এই খেতিৰ লগত কৃষকসকলৰ যথেষ্ট কষ্ট জড়িত হৈ থাকে। সেয়ে ইয়াৰ দামো অধিক হয়।।

You might also like
Leave A Reply

Your email address will not be published.