কেলিফৰ্ণিয়াৰ গোচেনত ভয়ংকৰ হত্যাকাণ্ড!

ইণ্টাৰনেচনেল ডেস্ক:

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ গোচেনত ভয়ংকৰ হত্যাকাণ্ড। সোমবাৰে এটা ঘৰত সংঘটিত হোৱা গুলীচালনাত ১৭ বছৰীয়া মাতৃ আৰু ছমহীয়া কেঁচুৱাকে ধৰি ছয়জন লোক নিহত। এই ভয়ংকৰ গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে হাৰ্ভেষ্ট ৰোডৰ ৬৮০০ ব্লকত।আৰক্ষীয়ে দুজনক ৰাস্তাত, আন এজনক ঘৰৰ দুৱাৰমুখত আৰু বাকীসকলক ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে। হত্যাকাণ্ডটোৰ লগত জড়িত দুজন সন্দেহযুক্তক এই পৰ্যন্ত আটক কৰিব পৰা নাই বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.